January 13, 2019 Palash Borgohain 0 Comments

বিতৰ্কিত জুবিন গাৰ্গ আৰু কিছু কথা :

* প্ৰথম কথা জুবিন গাৰ্গক যুক্তিৰে চাব নোৱাৰি। কিয়নো যুক্তি, তৰ্কৰে সঁচাকো মিছা কৰিব পাৰে, মিছাকো সঁচা কৰিব পাৰি। তাতে জুবিন গাৰ্গ মানুহজন স্পষ্টবাদী আৰু সত্যবাদী। জুবিন গাৰ্গে সমাজত হৈ থকা অন্যায়, দুৰ্নীতি, অবিচাৰ সমূহ তেওঁৰ চকুৰ আগত হৈ থকা দেখি থাকিব নোৱাৰে। জুবিন গাৰ্গ মানুহজন চিধা মানুহ গতিকে সমাজত হৈ থকা অন্যায়, অবিচাৰসমূহৰ বিপক্ষে মাত দিওঁতে কেতিয়াবা তেওঁৰ মুখৰ পৰা অশ্লীল শব্দ ওলাই যায়, যিটো স্বাভাৱিক। তথাপিও মই তেওঁ সংযম হোৱাতো বিচাৰোঁ। কিন্তু মূল কথা হৈছে যদিও কেতিয়াবা তেওঁৰ মুখৰ পৰা অশ্লীল শব্দ অজানিতে ওলাই যায় কিন্তু তেওঁ সঁচা কথাবোৰ হে কয়। কিন্তু এই কথাতোক লৈ সমালোচনা কৰা সকলে জনাটো উচিত জুবিন গাৰ্গ আপোনালোকৰ দৰে মুখা পিন্ধা মানুহ নহয়। তেওঁ যেনেকুৱা তেনেকৈ ৰাইকৰ আগত দাঙি ধৰে। তেওঁৰ মুখাৰ আঁৰত মুখা নাথাকে।

* কিছুসংখ্যাক লোকে জুবিন গাৰ্গক সমালোচনা কৰি কয় যে জুবিন গাৰ্গ অযথা কিয় ৰাজনীতিৰ কথাবোৰত লাগি থাকে, তেওঁ গায়ক মানুহ গান গাঁওক। কিন্তু তেওঁলোকে জনাতো উচিত জুবিন গাৰ্গে সমাজত হৈ থকা অন্যায়, দুৰ্নীতিসমূহ চকুমোদা কুলিৰ ভাও ধৰি চাই থাকিব নোৱাৰে।তেওঁ চিধা মানুহ সঁচাটো কবই। দ্বিতীয়তে জুবিন গাৰ্গক গায়ক বুলি ভৱাটো চূড়ান্ত মূৰ্খামি। জুবিন গাৰ্গ গায়ক নহয়, শিল্পী। যিমানেই গীতৰ চৰ্চা নকৰক কিয় যদি অকল সংগীত জগতখনতে লাগি থাকে তেওঁ শিল্পী হব নোৱাৰে। যদি অকল সংগীত চর্চাতে বিষ্ণু - জ্যোতিও সীমাবদ্ধ থকা হলে তেওঁলোকো শিল্পী হব নোৱাৰিলে হয়। গতিকে নৱপ্ৰজন্মৰ গায়সকললৈ আহ্বান যদি শিল্পী হব বিচাৰে সমাজৰ প্ৰতিটো কথাতে গুৰুত্ব দিয়ক। কিয়নো শিল্পীসমাজক সকলোৱে ভাল পায়।

* যিটো সময়ত অসমৰ জনসাধাৰণ বানত ককবকাই থাকে, সেই সময়ত চৰকাৰৰ ৰক্ষকসকল ঘোৰ নিদ্ৰাত থাকে। জুবিন গাৰ্গৰ সমালোচকসকল কত থাকে নাজানোঁ। কিয়নো সেই সময়ত জুবিন গাৰ্গে হে বানপীড়িত লোকসকলক সহায় কৰিবলগীয়া হয়।

* অসম আৰু অসমীয়াৰ স্বাৰ্থত দায়বদ্ধ জুবিন গাৰ্গ তাৰ প্ৰমান নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত জুবিন গাৰ্গৰ স্থিতি। কাৰোবাৰ বেমাৰ হলেও জুবিন গাৰ্গে সহায় কৰে, ধৰ্ষণ হলেও জুবিন গাৰ্গে চিঞঁৰিব লাগে। তাৰ পিছতো জুবিন গাৰ্গক সমালোচনা, অপমান কিয় ? গতিকে জুবিন গাৰ্গক অনুৰোধ জনাওঁ, আপুনি অসমীয়াক সহায় নকৰিব। কিয়নো যদি অসমীয়াক সহায় কৰি আপুনি সমালোচনা( যিবোৰত আপুনি মদাহী, পাগল আখ্যা পায়), অপমানৰ সন্মুখীন হবলগীয়া হয়।

অৱশ্যে হাজাৰটা বিতৰ্ক কৰ, বদনাম উলিয়াই থাক, কিন্তু আমাৰ মৰমৰ জুবিন দাৰ প্ৰতি আমাৰ কিঞ্চিৎও মৰম, চেনেহ নকমে । কিয়নো জুবিন দা আমাৰ হিয়াৰ আমঠু।

শ্ৰদ্ধাৰে
বসন্ত কটকী

0 comments: